NORTHEAST NOW (Assamese)
অসম

Congress Protest: ছোনীয়া গান্ধী-ৰাহুল গান্ধীক ইডি’ৰ জেৰা; শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 21, 2022 4:07 pm
Congress Protest: ছোনীয়া গান্ধী-ৰাহুল গান্ধীক ইডি’ৰ জেৰা; শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ

নিখিল ভাৰত কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ ওপৰত ভুৱা গোচৰ জাপি দি ইনফৰ্চমেন্ট বিভাগে জেৰা চলোৱা বুলি অভিযোগ তুলি আজি পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা কংগ্ৰেছে ।

শিৱসাগৰ বেতবাৰী আলিমূৰত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

ফটো: নৰ্থইষ্ট নাও।

বিজেপি চৰকাৰৰ দুৰ্নীতি, বিভিন্ন জনস্বাৰ্থ পৰিপন্থী আঁচনি সমূহৰ বিষয়ে গান্ধীয়ে বিভিন্ন সময়ত সমালোচনা কৰা বাবেই ইছ্যু সলনি কৰিবলৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ শিৱসাগৰ জিলা কংগ্ৰেছৰ।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে নেশ্যনেল হেৰল্ড কাকতকলৈ ৰাহুল গান্ধীক ইডি-য়ে ইতিমধ্যে কেইবাবাৰো জেৰা চলালে।