NORTHEAST NOW (Assamese)
অসম

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 22, 2022 8:03 pm

আজি নগাঁও জিলা আৰক্ষী-প্ৰশাসনে বটদ্ৰৱাৰ উচ্ছেদত সন্দেহৰ গোন্ধ পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

কেৱল থানাত আক্ৰমণকাৰীৰ বাসগৃহ বাছি বাছি উচ্ছেদ কিয়? বুলি প্ৰশ্ন কৰি আশ্চৰ্য্য প্ৰকাশ ভূপেন বৰাৰ।
ভূপেন বৰাৰ মতে বটদৱা আৰক্ষী থানা জ্বলোৱা কাণ্ড আৰক্ষী বিষয়াৰ গাফিলতিৰ বাবে হ’ব পাৰে আৰু চৰকাৰে সেয়েহে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে উপ পৰিদৰ্শককো নিলম্বন কৰিলে।

বটদ্ৰৱা কাণ্ডৰ বিষয়টো সংবেদনশীল আখ্যা দি ভূপেন বৰাৰ মন্তব্য “যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে চিটিবাছত নিৰাপত্তাৰক্ষী নোহোৱাকৈ ঘূৰিম বুলি কয় সেইখন চৰকাৰৰ মন্ত্ৰীয়ে য’তে ত’তে জেহাদী দেখা পোৱাটো চিন্তাৰ বিষয়”।
ভূপেন বৰাৰ মতে “আইন আদালত থকাৰ পাছতো ৰাজ্যৰ গৃহবিভাগে মৃত্যুদণ্ড দিয়া আৰম্ভ কৰিছে। অসমত থানাতো দিয়া হৈছে মৃত্যুদণ্ড”।
মুখ্যমন্ত্ৰীয়ে কয় এটা আৰু কৰে বেলেগ এটা বুলিও ভূপেন বৰাই কয় ।

অৱশ্যে, আইন হাতত তুলি লোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিয়াটো বিচাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

 পৰিস্থিতি পৰ্য্যবেক্ষণ তথা ক্ষেত্ৰ অধ্যয়নৰ বাবে কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ৭ জনীয়া কমিটি গঠন কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়। য’ত বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, নুৰুল হুডা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাকে ধৰি অন্য নেতৃত্ব আছে। প্ৰতিবেদন দাখিলৰ বাবে কমিটিখনক ৪৮ ঘন্টা সময় দিয়া হৈছে বুলিও বৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, শনিবাৰে বিয়লি বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ২১ গৰাকীক গ্ৰেপ্তাৰ কৰিছে নগাওঁ আৰক্ষীয়ে। কালিৰ থানা জ্বলোৱা ঘটনাৰে জৰিত থকা চালনাবাৰীৰ অভিযুক্তৰ পৰিয়ালৰ বাসগৃহতো আৰক্ষী প্ৰশাসনে দেওবাৰে উচ্ছেদ চলায়। যেন এয়া হৈ পৰিছে খুন কা বদলে খুনৰ দৰে ঘটনা।