NORTHEAST NOW (Assamese)

১৪ নৱেম্বৰৰপৰা দেশজুৰি প্ৰতিবাদত নামিব সৰ্ব ভাৰতীয় কংগ্ৰেছ

October 24, 2021 4:52 pm · এন ই নাও নিউজ, গুৱাহাটী

সৰ্ব ভাৰতীয় কংগ্ৰেছ( AICC)- এ ১৪ নৱেম্বৰৰ পৰা ইন্ধনৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰিব।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২৯ নৱেম্বৰলৈকে এই প্ৰতিবাদ চলিব।

দেওবাৰে একেৰাহে পঞ্চম দিনৰ বাবে সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছিল। দেওবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৭.৫৯ টকা আৰু ডিজেলৰ মূল্য আছিল ৯৬.৩২ টকা প্ৰতি লিটাৰ। মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১১৩.১২ টকা আৰু ১০৪ টকা।

দেওবাৰে অসমৰ কামৰূপ মেট্ৰ’ জিলাত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ০.৩৬ টকা বৃদ্ধি হৈ ১০৩.২৩ টকা আৰু ডিজেলৰ মূল্য ০.৩৭ টকা বৃদ্ধি হৈ ৯৫.৭৬ টকা হয়।

লক্ষণীয়ভাৱে, অসমৰ লখিমপুৰত পেট্ৰ’লৰ মূল্য সৰ্বাধিক আছিল। লখিমপুৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৬.৪৭ টকা। সেইদৰে আৰু ১০৩.১৮ টকাৰে পেট্ৰ’লৰ মূল্য চিৰাঙত সৰ্বনিম্ন।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে ইন্ধনৰ বৰ্দ্ধিত মূল্যৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) পৰামৰ্শ অনুসৰি কৰ হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায়।

Related News