NORTHEAST NOW (Assamese)
অসম

আজি ৰাজপথত নামিব কংগ্ৰেছ; আদানিৰ জালিয়াতিক লৈ দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2023 10:08 am

আদানিৰ জালিয়াতিৰ বিষয়টোক লৈ ইতিমধ্যে সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছে। এইবাৰ, কংগ্ৰেছে সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আজি সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পৰিকল্পনা কৰিছে।

সোমবাৰে কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে জীৱন বীমা নিগম (এলআইচি) আৰু ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখত প্ৰতিবাদ কৰিব।

সেইদৰে, দলৰ সাংসদসকলে সংসদ চৌহদৰ ভিতৰত থকা গান্ধী প্ৰতিমূৰ্তিৰ পাদদেশত প্ৰতিবাদ সাব্যস্ত কৰিব।

আদানি বিষয়ত কংগ্ৰেছে ইতিমধ্যে বহুতো প্ৰশ্ন উত্থাপন কৰিছে। তাৰ ভিতৰত আদানি গোটৰ বিৰুদ্ধে উত্থাপিত একাধিক অভিযোগৰ তদন্ত কৰিবলৈ চৰকাৰৰ ফালৰ পৰা কি পদক্ষেপ লোৱা হৈছে?

কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ মতে কেলেংকাৰীটোত জড়িত সাধাৰণ মানুহৰ ধন। তেওঁলোকে তেওঁলোকৰ সঞ্চয় এলআইচি আৰু এছবিআইত বিনিয়োগ কৰিছে।

আনহাতে, বিৰোধীয়ে আদানি বিষয়ত সংসদৰ বাজেট অধিৱেশনত তীব্ৰ প্ৰশ্নবান উত্থাপন কৰিছে। আজি সংসদৰ বাজেট অধিৱেশনত পুনৰ এই বিষয়ক লৈ হুলস্থূল হোৱাৰ সম্ভাৱনা আছে।