NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেল আৰু নাই, টুইটযোগে জনালে পুত্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 8:31 am

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক উপদেষ্টা আহমেদ পেটেলৰ মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

আজি গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত ৰাতিপুৱা প্ৰায় ৩.৩০ বজাত তেওঁ মৃত্যুবৰণ কৰে।

তেওঁৰ পুত্ৰ ফৈজল পেটেলে টুইটযোগে এই কথা জানিবলৈ দিয়ে।

টুইটটোত ফৈজল পেটেলে অতি দুখেৰে তেওঁৰ পিতৃৰ আজি ২৫ তাৰিখে পুৱা ৩.৩০ বজাত মৃত্যু হোৱা বুলি জনায়।

তেওঁ টুইটোত লগতে কয় যে প্ৰায় এমাহ পূৰ্বে তেওঁ ক’ৰ’নাত আক্ৰান্ত হৈছিল। চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰিছিল।

ফৈজল পেটেলে কৈছিল যে তেওঁক গুৰুগ্ৰামৰ মেদানতা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে আহমেদ পেটেলৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কংগ্ৰেছ মহল শোকস্তব্ধ হৈ পৰিছে।

৭১ বছৰীয়া আহমেদ পেটেলে তিনিবাৰ লোকসভাৰ সদস্য হোৱাৰ লগতে পাঁচবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল।

প্ৰথমবাৰৰ বাবে আহমদ পেটেলে মাত্ৰ ২৬ বছৰ বয়সতে অৰ্থাৎ ১৯৭৭ চনত ভৰুচৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈ সংসদত উপনীত হৈছিল।

সদায় পৰ্দাৰ পিছফালে ৰাজনীতি কৰা আহমেদ পেটেলক কংগ্ৰেছ পৰিয়ালৰ বিশ্বাসী নেতাসকলৰ মাজত গণনা কৰা হৈছিল।

তেওঁ ১৯৯৩ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ আছিল। ২০১৮ চনৰ আগষ্টত তেওঁক কংগ্ৰেছ দলৰ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।