NORTHEAST NOW (Assamese)

হাৰিয়ানাত কংগ্ৰেছ নেত্ৰীক হত্যা; পৰিত্যক্ত ছুটকেছৰ পৰা উদ্ধাৰ মৃতদেহ! কাৰণক লৈ বিভ্ৰান্তি

March 2, 2025 11:31 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: March 2, 2025 11:34 am

হাতত মেহেন্দী, ডিঙিত স্কাৰ্ফ, শৰীৰত নিৰ্যাতনৰ চিন! হাৰিয়ানাৰ ৰোহটক চহৰত বাছ ষ্টেণ্ডৰ কাষত পৰিত্যক্ত নীলা ৰঙৰ ছুটকেছ এটাৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছিল আৰু তাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ তেওঁৰ মৃতদেহটো ছুটকেছত ভৰাই বাছ ষ্টেণ্ডত পেলাই দিছিল।

শুকুৰবাৰে বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰোহটক কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাত্ৰাই দাবী কৰে যে যুৱতীগৰাকীৰ নাম কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী হিমানী নৰৱাল। তেওঁ কয় যে দলৰ বিভিন্ন ৰাজনৈতিক কাৰ্যসূচীত হিমানী সক্ৰিয় আছিল। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো তেওঁ অংশ লৈছিল।

ছাম্পলা আৰক্ষী থানাৰ আৰক্ষীয়ে জানিবলৈ দিছে যে যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ পথত পেলাই দিয়া হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। যুৱতীগৰাকীৰ বয়স ২০ৰ পৰা ২২ বছৰৰ ভিতৰত।

ইফালে, হিমানীৰ নৃশংস হত্যাকাণ্ডক লৈ হাৰিয়ানাৰ ৰাজনীতিত তোলপাৰ লাগিছে। স্থানীয় বিধায়কগৰাকীয়ে কয় যে এই হত্যাকাণ্ডৰ সঠিক তদন্তৰ প্ৰয়োজন। ৰাজ্যত আইন-শৃংখলা ভংগ হৈছে, অপৰাধীয়ে আৰক্ষীক ভয় কৰা নাই। একে সময়তে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে কেইবছৰমান পূৰ্বে হিমানীৰ পিতৃয়ে আত্মহত্যা কৰিছিল আৰু তেওঁৰ ভাতৃকো হত্যা কৰা হৈছিল। এইবাৰ হত্যাৰ বলি কৰিব লগা হ’ল হিমানী।

Related News