NORTHEAST NOW (Assamese)
Popular Stories

মোদী চৰকাৰক বিৰোধ কৰাৰ পৰিণাম! : গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্ট্ৰৰ বিৰুদ্ধে তদন্ত সমিতি গঠন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 3:44 pm
dc-cover-4dup22u8m8r96esanidb3lp321-20160725150836-1570434722

লাডাখ সীমান্তৰ পৰা আদি কৰি মূল্যবৃদ্ধিৰ লগতে মোদী চৰকাৰৰ বিভিন্ন ব্যৰ্থতাৰ সম্পৰ্কে অধিক আক্ৰমণাত্মক আচৰণ কৰি এতিয়া বিপদ পৰিছে গান্ধী পৰিয়াল।

উল্লেখ্য যে, দুদিনমান পূৰ্বে ৰাহুল গান্ধীয়ে টুইটাৰোগে কৈছিল যে, মোদীৰ ক’ৰ’ণা সংক্ৰমণ ৰোধ, বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ ব্যৰ্থতাই ভৱিষ্যতে হাবাৰ্ড বিজনেছ স্কুলৰ গৱেষণাৰ বিষয় হ’ব।

মোদী চৰকাৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হোৱা গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্টৰ একাধিক আৰ্থিক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলি তদন্ত আৰম্ভ কৰিব খুজিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়াল ট্ৰাষ্টৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ আনি তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মৃতিত গঠিত সংস্থাটোৰ সভানেত্ৰী হিচাপে আছে ছোনিয়া গান্ধী। এই সংস্থাটোৰ পৰিচালন সমিতিত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰমৰ দৰে কংগ্ৰেছী নেতা।

আনহাতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়াল ট্ৰাষ্ট্ৰৰ দায়িত্বতো আছে ছোনিয়া গান্ধী।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰৰ আমোলত বৃহৎ দুৰ্নীতি সংঘটিত কৰিছে উক্ত সংস্থা তিনিটাই।

সংস্থাকেইটাই আৰ্থিক প্ৰতাৰণা আইন, আয়কৰ আইন, বিদেশী বিনিয়োগ আদি আইনৰ নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে।

এই তিনিটা সংস্থাৰ তদন্তৰ বাবে ইউ ডিৰ স্পেচিয়েল ডাইৰেক্টৰ নেতৃত্বত গঠন কৰাৰ তদন্তৰ সমিতিত চি বি আইৰ শীৰ্ষৰ বিষয়াও আছে।