NORTHEAST NOW (Assamese)
অসম

টীয়কত চাৰিলেন পথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত নিৰ্মাণ সংস্থাৰ হঠকাৰিতা; দুৰ্ভোগ ৰাইজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 25, 2021 11:41 am
Road incompleted

টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত নিৰ্মাণ সংস্থাৰ হঠকাৰিতাৰ বাবে বাৰিষা সময়চোৱা ঘাইপথৰ কাষৰীয়া আৱাসিক অঞ্চলৰ আৱাসিক সকলৰ লগতে ব্যৱসায়িক সকল দুৰ্ভোগ ভুগিব লগা হোৱাটো প্ৰায় নিশ্চিত।

ইপিনে নিৰ্মাণ সংস্থাটোৱে পথ সম্পসাৰণৰ সমান্তৰালকৈ মুদৈজান-পুঠিনদীৰ  ওপৰত থকা পকী দলঙৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল যদিও সেই কাম আধাতে এৰি দিয়াত এতিয়া নদীখনত অহা বাৰিষাৰ প্ৰথমটো ধলতে টীয়কৰ খটিয়াবৰুৱা পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে জি ডি চি এল নামৰ নিৰ্মাণ সংস্থাটোৰ পৰা উপ ঠিকা লৈ যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত লিংকন ডিগনিটি ইনফ্ৰাষ্ট্ৰাকশ্যাৰ নামৰ নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সংস্থাটোৱে অতি নিম্নমানৰ কাম অব্যাহত ৰখাত নিৰ্মাণৰ পাছতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।

সংস্থাটোৱে দলং সম্প্ৰসাৰণৰ কাম আধাতে এৰাত এতিয়া বাৰিষা ৰাইজে জীয়াতু ভোগ কৰিব লগা হৈছে।

লক্ষ্যনীয় এই যে মুদৈজান-পুঠিনদীৰ ওপৰত নিৰ্মাণ কৰা দলং ত্ৰুটিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ ফল এতিয়া ভোগ কৰিব লাগিব খটিয়া-বৰুৱা পথৰ বাসিন্দা সকলে।

ইতিমধ্যে স্থানীয় ৰাইজে এই সন্দৰ্ভত জিলা প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ তদাৰকী সংস্থা এন এইচ আই ডি চি এলৰ বিষয়া সকলক লিখিত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আনকি ক্ষোভিত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে।