NORTHEAST NOW (Assamese)
Popular Stories

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটত সংবিধান দিৱস পালন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2025 5:14 pm

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটস্থিত আইন বিভাগে যোৱা ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰে। এই অনুষ্ঠানটোৰ সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকন।

বিভাগটোৰ সহকাৰী অধ্যাপক ড° দিবাকৰ শৰ্মাৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে “বন্দে মাতৰম” পৰিৱেশন কৰে । বিভাগৰ মুৰব্বী ড° প্ৰীতি ৰূপা শইকীয়াই আদৰণী ভাষণ আগবঢ়াই সমতা আৰু ন্যায়ৰ দৰে সাংবিধানিক মূল্যবোধসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে সংবিধান কেৱল এটা আইনী দলিল নহয়, ই হ’ল ৰাষ্ট্ৰৰ বাবে এক পথ নিৰ্দেশক সূত্ৰ। আইন বিভাগৰ বিধিগুৰু, অধ্যাপক স্তুতি ডেকাই সংবিধান ৰচনাৰ সময়ৰ এক বিৱৰণ আগবঢ়াই ভাৰতীয় সংবিধানৰ স্থপতি ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে।

অনুষ্ঠানটোৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি, ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে সংবিধানৰ ৰক্ষক হিচাপে ন্যায়পালিকাৰ ভূমিকা শীৰ্ষক বিষয়ত এক গভীৰ জ্ঞানপূৰ্ণ ভাষণ আগবঢ়ায়। গণতন্ত্ৰক সংৰক্ষণ কৰাত উচ্চতম ন্যায়ালয়ৰ ভূমিকা, ন্যায়িক সমীক্ষণ আৰু মৌলিক অধিকাৰৰ সংৰক্ষণৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে। কেশৱানন্দ ভাৰতী বনাম কেৰালা ৰাজ্য আৰু মানেকা গান্ধী বনাম ভাৰত চৰকাৰৰ দৰে যুগান্তকাৰী গোচৰসমূহৰ উদাহৰণ উল্লেখ কৰি তেওঁ সংবিধানক মানৱ সভ্যতাৰ এক জীৱন্ত দলিল বুলি অভিহিত কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ সহ-পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে ভাৰতৰ সংবিধান সম্পৰ্কে এক তথ্যপূৰ্ণ ভাষণ আগবঢ়ায় । বিভাগটোৰ সহকাৰী অধ্যাপক ড° সুমিতা গপে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰে ।