NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 1, 2025 1:41 pm

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বিত কৰিছে দেশখনৰ সাংবিধানিক আদালতে। কম্বোডিয়াৰ প্ৰাক্তন নেতা হুন সেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে পদত্যাগ কৰিবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰীগৰাকী।

এই ফাদিল হোৱা টেলিফোনিক বাৰ্তালাপত পাটংটাৰ্ন শ্বিনাৱাট্ৰাই থাইলেণ্ডৰ সামৰিক অধিনায়কজনক সমালোচনা কৰিছিল।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হয় আৰু তেওঁক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ আদালতত আবেদন দাখিল কৰা হয়। আদালতে এতিয়াও এই আবেদন বিবেচনা কৰি আছে।

আনহাতে, মাত্ৰ দুসপ্তাহ পূৰ্বে তেওঁৰ সমৰ্থক সকলে সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ বাবেই ইতিমধ্যে শাসকীয় মিত্ৰজোঁট সংখ্যালঘু হৈ আহিছে।