NORTHEAST NOW (Assamese)

নিয়মিত পিঁয়াজ খাওক আৰু সুস্থ থাকক; জানক পিঁয়াজৰ বিশেষ উপকাৰিতা

March 16, 2020 12:02 pm · এন ই নাও নিউজ
Updated: March 16, 2020 12:46 pm
প্ৰতিনিধিত্বমূলক ছবি

যদিহে আপুনি নিজক ৰোগমুক্ত কৰি এক সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’ব খুজিছে তেন্তে নিয়মিতৰূপে পিঁয়াজ খোৱা আৰম্ভ কৰক কাৰণ পিঁয়াজত আছে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বহু ঔষধি গুণ।

চিকিৎসকৰ মতে নিয়মিতৰূপে আহাৰৰ সৈতে পিঁয়াজ খালে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পিঁয়াজত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিটেণ্ট আৰু ভিটামিন চি থাকে যি কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰঙা পিয়াঁজ খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায় বুলি কানাডাৰ এটা গৱষেকৰ দলে কৰা এক গৱেষণাত প্ৰকাশ।

কেৱল কেন্সাৰ প্ৰতিৰোধে নহয় চিকিৎসকৰ মতে নিয়মিতৰূপে পিঁয়াজ খালে আন বহু ৰোগৰ পৰাও আমি হাত হাৰি থাকিব পাৰো।

আনহাতে গৰমকালি পিয়াঁজ খালে হাৰ্টষ্ট্ৰ’ক অহাৰ পৰাও বাচি থাকিব পাৰি।

চুলিৰ গুৰিত পিঁয়াজৰ ৰসেৰে মালিচ কৰিলে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ গুৰি মজবুত হয়।

ইয়াৰ উপৰি পিঁয়াজ খালে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়। পিঁয়াজে আমাৰ দেহৰ তেজ শোধন কৰাতো যথেষ্ট সহায় কৰে।

Related News