NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ঠিকা ভিত্তিক শিক্ষকে প্ৰদান কৰিলে এক দিনৰ দৰমহা

April 8, 2020 6:56 am · নীলমণি শৰ্মা
প্ৰতিনিধিত্বনূলক চিত্ৰ

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে লকডাউনৰ মাজত থকা দুখীয়া-দৰিদ্ৰ লোক সকলক কিছুপৰিমাণে সহায় কৰাৰ বাবে ওলাই আহিছে শিক্ষক-কৰ্মচাৰী সকল৷

গোৱালপাৰা জিলাৰ মাধ্যমিক অতিৰিক্ত (ঠিকা ভিত্তিক) শিক্ষক সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ আহ্বান ক্ৰমে জিলা খনৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ১৮১ জন ঠিকা ভিত্তিক শিক্ষকে ক’ৰ’নাত জুৰুলা ৰাজ্যবাসীক সহায় কৰাৰ মানসেৰে নিজৰ এক দিনৰ দৰমহা চৰকাৰৰ সাহায্য পুঁজি লৈ আগবঢ়ায়।

ইফালে ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ সময়ত বিশেষকৈ দিন মজুৰি কৰি খোৱা লোক সকল ভীষণ সমস্যাত পৰিব লগীয়া হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ আহ্বানৰ পিছতে মঙলবাৰে কৃষ্ণাইৰ মানিকপুৰ সমূহীয়া কেন্দ্ৰৰ যোগেদি মানিকপুৰ গাঁৱৰ দিন হাজিৰা কৰি খোৱ প্ৰায় ১৫০ টা পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে কিছু নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰে।

মাণিকপুৰ সমূহীয়া কেন্দ্ৰৰ উদ্যোগত খাদ্য বিতৰণ

স্বাস্থ্য মন্ত্ৰীৰ এনে ঘোষণাৰ পিছতে কৰ্মচাৰী সকলৰ লগতে একাংশ দল সংগঠনে গ্ৰহন কৰা এনে কাৰ্যত স্থানীয় লোক সকলে শলাগ লয়।।

Related News