NORTHEAST NOW (Assamese)
অসম

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জোখ-মাপ নিয়ন্ত্ৰক: গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 8, 2022 7:10 pm
bribe

জোখ মাপ কৰি নহয়; উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জোখ মাপৰ নিয়ন্ত্ৰক। উৎকোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হৈছে নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য।

বিয়লি প্ৰায় ৪ বজাত দুৰ্নীতি নিবাৰক শাখাই পেলোৱা জালত নিজেই ভৰি থ’লে শচীন্দ্ৰই।

ফাইলৰ কাম কৰি দিয়াৰ বাবদ ২৫ হাজাৰ টকাৰ উৎকোচ লৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বৈশ্যৰ বিৰুদ্ধে।

আজি বিয়লিভাগত এক অভিযোগৰ ভিত্তিত চান্দমাৰীৰ কাৰ্য্যালয়ত গোপনে অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই।

অভিযানৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই নিয়ন্ত্ৰক বৈশ্যক উৎকোচ গ্ৰহণ কৰা অৱস্থাতে ধৰা পেলায় আৰু লগে লগে গ্ৰেপ্তাৰ কৰে।

টুইটাৰযোগে বৈশ্যৰ গ্ৰেপ্তাৰৰ তথ্য সদৰি কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙে।

 

উল্লেখ্য যে ২০১৬ চনৰ পৰা নিয়ন্ত্ৰক হিচাপে কৰ্মৰত আছিল শচীন্দ্ৰ বৈশ্য।