অসম কৃষি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন; ত্ৰিলোচন মহাপাত্ৰ আৰু কুশল কোঁৱৰ শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবপ্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোঁৱৰ শৰ্মালৈ অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে।
আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ব্যক্তি দুগৰাকীক এই ডিগ্ৰী প্ৰদান কৰা হয়।
বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে পৌৰহিত্য কৰে। সমাবৰ্তনত সন্মানীয় অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰাৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
বৰ্ণসংকৰ (হাইব্ৰীড) ব্যৱস্থাপনাৰে (অনলাইন আৰু অফলাইন) অনুষ্ঠিত এই সমাৱৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰীসমুহ প্ৰদান কৰা হয়।
এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৪৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহো প্ৰদান কৰা হয়।