NORTHEAST NOW (Assamese)

মোডী চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা: ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ‘পৰিৱৰ্তন’ কৰি ৫০ টকাকৈ বৃদ্ধি

February 15, 2021 1:06 pm · এন ই নাও নিউজ
Updated: February 15, 2021 1:18 pm

পৰিৱৰ্তনৰ দোহাই দি জনতাক সপোনৰ জগতত আৱদ্ধ ৰখা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে সমাজত মাত্ৰ এমুঠিমান হিতাধিকাৰী সৃষ্টি কৰিয়েই আত্মসন্তুষ্টি লভিছে যদিও গৰিষ্ঠসংখ্যক লোকে পিছে আদিও দুৰ্দশাৰ সৈতে সহাৱস্থান কৰিয়েই থাকিবলগীয়া হৈছে।

যিটো সময়ত ইন্ধনকে ধৰি অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক টেটচেপা দিছে সেই সময়তে মোদীৰ চৰকাৰে যোৱা নিশাৰে পৰা ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ প্ৰতিটোৰ মূল্য ৫০ টকাকৈ বঢ়াই দিছে।

ফলত গুৱাহাটীত এতিয়া প্ৰতিটো ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ৮১৮ টকা। কলকাতাত একোটা ঘুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য হৈছে ৭৯৫ টকা।

দিল্লীত একোটা ছিলিণ্ডাৰৰ দাম হৈছে ৭৬৯ টকা।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল মোদীৰ চৰকাৰে নানান অজুহাত উলিয়াই চলিত ফেব্ৰুৱাৰী মাহতে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য দুবাৰকৈ বৃদ্ধি কৰিছে।

কেৱল বনিয়া গোষ্ঠীৰ তোষণত ব্যস্ত থকা বিজেপি চৰকাৰ খনে কেৱল মাত্ৰ এমুঠি মানুহক সামান্য আৰ্থিক সকাহ দি বাকী লোকসকলৰ জেপ কাটিবলৈ লোৱা কথাই এতিয়া বহুতকে ভবাই তুলিছে।

পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰৰ পৰা মানুহে এনে পৰিৱৰ্তন আশা নকৰে বুলি বহুতে মন্তব্য কৰিছে।

Related News