NORTHEAST NOW (Assamese)

আৰক্ষী বিষয়া নিহত, অস্ত্ৰভাণ্ডাৰ লুট; জনতা-সেনাৰ সংঘৰ্ষই পুনৰ উত্তপ্ত কৰি তুলিছে মণিপুৰ

August 4, 2023 12:47 pm · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ হিংসা সন্দৰ্ভত আলোচনাৰ দাবীত প্ৰায় স্থবিৰ সংসদীয় কাৰ্য্যপ্ৰণালী। কিন্তু অপৰিৱৰ্তিত মণিপুৰৰ পৰিস্থিতি। হিংসা কোনোমতেই বন্ধ নহয়। ইম্ফল পশ্চিম জিলাত উন্মত্ত জনতাৰ সৈতে হোৱা সংঘৰ্ষত আন এজন আৰক্ষী বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে।

তদুপৰি, বৃহস্পতিবাৰে বিষ্ণুপুৰ জিলাৰ কমেও দুটা নিৰাপত্তাৰক্ষীৰ চকীৰ পৰা অটোমেটিক বন্দুককে ধৰি বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুণ্ঠন কৰি নিয়ে উন্মত্ত জনতাই।

মণিপুৰ আৰক্ষীয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও অস্থিৰ আৰু উত্তেজনাপূৰ্ণ। ৰাজ্যজুৰি চলি আছে “গুলীবৰ্ষণ আৰু উত্তাল সমাৱেশৰ ঘটনা”।

লগতে পঢ়ক: ৰাণীত মৰ্মান্তিক ঘটনা! খাদ্যৰ সন্ধানত ওলাই অহা পোৱালীসহ ৩ টা হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, বিষ্ণুপুৰ জিলাৰ কেইৰেনফাবি আৰু থাংগালৱাইত অৱস্থিত মণিপুৰ সশস্ত্ৰ আৰক্ষীৰ ২য় বেটেলিয়নৰ দুটা আউটপোষ্টৰ পৰা লুণ্ঠন কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ।

হাইংগাং আৰু সিংজামেই আৰক্ষী থানাৰ পৰাও অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ চেষ্টা কৰা হৈছিল। সেই প্ৰচেষ্টা নিৰাপত্তাৰক্ষীয়ে ব্যৰ্থ কৰে।

ইপিনে, কাউত্ৰুক, হাৰাওথেল আৰু সেঞ্জাম চিৰাং অঞ্চলত দুইপক্ষৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত এজন আৰক্ষী বিষয়া নিহত হয়। আন দুজন গুলীবিদ্ধ হৈছে।

লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

নিহত আৰক্ষী বিষয়াজনৰ মূৰত গুলী লাগিছিল। আশংকা কৰা হৈছে যে উগ্ৰপন্থীয়ে ওচৰৰ পাহাৰীয়া অঞ্চলৰ পৰা স্নাইপাৰ ৰাইফলৰ পৰা গুলীচালনা কৰিছিল। কাউত্ৰুক আৰু সেনজাম চিৰাঙত সংঘটিত হোৱা গুলীয়াগুলীত এজন গাঁৱৰ স্বেচ্ছাসেৱকো আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱাৰে পৰা বিশেষকৈ বিষ্ণুপুৰ জিলাত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে। নিৰাপত্তাৰক্ষীৰ চলাচল বন্ধ কৰি ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ স্থানীয় ৰাইজে। ফুগাকচাও ইখাই অঞ্চলত প্ৰায় ৫০০-৬০০ লোকৰ সমাগম হয়। ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ চেল নিক্ষেপ কৰিবলগীয়া হয়। এই ঘটনাত ২৫ জন লোক আহত হয়।

অৱশ্যে অশান্ত অঞ্চলত শান্তি ঘূৰাই অনাৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। কাউত্ৰু পাহাৰীয়া অঞ্চলত যৌথ নিৰাপত্তাৰক্ষীৰ অভিযানত ৭টা অবৈধ বাংকাৰ ধ্বংস কৰা হৈছে। মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা জিলাত মুঠ ১২৯টা চেকপইণ্ট স্থাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আইন উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে প্ৰায় ১০৪৭ জন লোক।

লগতে পঢ়ক: তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

নিৰাপত্তা বাহিনীয়ে জনসাধাৰণক উৰাবাতৰিত কাণ নিদিবলৈ আৰু ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা ভিডিঅ’ৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়। লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে, সাধাৰণ জনতাই কেতিয়া এই হিংসাৰ জুই নিৰ্বাপিত হ’ব, তালৈ অনিশ্চয়তাৰে সৈতে ৰৈ আছে।

Related News