NORTHEAST NOW (Assamese)
মণিপুৰ

পুনৰ উত্তপ্ত মণিপুৰ: কৰ্তব্যৰত অৱস্থাতে আৰক্ষী উপ-পৰিদৰ্শকক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2023 8:52 pm
Manipur

হিংসাজৰ্জৰ মণিপুৰত আজি পুনৰ সংঘটিত হৈছে আন এক হিংসাত্মক কাণ্ড। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত আজি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই ঘটনাত কৰ্তব্যৰত এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক গুলীয়াই হত্যা কৰে।

এই ঘটনাত দুজন সাধাৰণ নাগৰিক আহত হোৱা বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে। এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য মতে, আৰক্ষী বিষয়াগৰাকী স্নাইপাৰৰ গুলীত নিহত হোৱা বুলি সন্দেহ কৰা হৈছে।

আজি দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ঘটনা সংঘটিত হয়। চিংফেইত কৰ্তব্যৰত অৱস্থাতে আততায়ীৰ গুলীত নিহত হয় আৰক্ষী উপ-পৰিদৰ্শকগৰাকী। নিহত বিষয়াগৰাকীক অংমাং হাওকিপ বুলি চিনাক্ত কৰা হৈছে।

দুষ্কৃতিকাৰীৰ গুলীত দুজন সাধাৰণ নাগৰিকো আহত হোৱা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।আহত লোক দুগৰাকীৰ পৰিচয় আৰু তেওঁলোক আঘাত সন্দৰ্ভত এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

এই কাণ্ডৰ এদিন পিছতে কাংপকপি জিলাত মণিপুৰ আৰক্ষীৰ কমাণ্ডো সাজ-পোছাক পৰিহিত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে তিনিজন লোকক আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

মঙলবাৰেও কাংপকপি জিলাত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল।