NORTHEAST NOW (Assamese)
Popular Stories

পুত্ৰৰ বিদেশ ভ্ৰমণ লুকুৱাই ৰখাৰ অপৰাধত DSPৰ বিৰুদ্ধে গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 9:08 am
Wuhan-coronavirus-750x375

লণ্ডনৰ পৰা ঘূৰি অহা কথা স্বাস্থ্য বিভাগক অৱগত নকৰাৰ অপৰাধত তেলেংগানাত এগৰাকী ডি এছ পি আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লোক দুজন ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মহামাৰী ক’ৰ’না ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদেশৰ পৰা ভাৰতলৈ ঘূৰি অহা যিকোনো লোকে স্বাস্থ্য বিভাগক জনোৱাটো বাধ্যতামূলক। কিন্তু ডি এছ পি এছ এম আলীয়ে এই কথা লুকুৱাই ৰাখিছিল।

বিভাগীয় কৰ্তৃপক্ষই পিছত এই কথা জানিব পাৰি পিতৃ-পুত্ৰক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰে। জানিব পৰা মতে আছুতীয়াকৈ ৰখাৰ পূৰ্বে দুয়োজনে বিভিন্ন সামাজিক অনুষ্ঠানত অংশ লৈছিল।

আলী বৰ্তমান তেলেংগানাৰ কথাগুদেম চহৰৰ মহকুমা আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।

ডি এছ পি, পত্নী আৰু পুত্ৰৰ উপৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা কেইগৰাকীমান আৰক্ষীৰ লোককো আছুতীয়াকৈ ৰখা হৈছে বুলি আৰক্ষীৰ এটা সূত্ৰই জনায়।