NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ত আক্ৰান্ত হকী খেলুৱৈ মনদীপ সিঙক বেংগালুৰুৰ চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 1:10 pm

ক’ৰ’নাত আক্ৰান্ত হোৱা ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড মনদীপ সিঙৰ তেজত অক্সিজেনৰ মাত্ৰাহ্ৰাস পোৱা বাবে বেংগালুৰুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মঙলবাৰে এই কথা জনাইছে ভাৰতীয় ক্ৰীড়া প্ৰধিকৰণ চমুকৈ চাইয়ে।

২০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় শিবিৰৰ বাবে বেংগালুৰুত উপস্থিত হোৱাৰ পিছতে মনদীপ সহ আন পাঁচগৰাকী খেলুৱৈৰ দেহত ক’ৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছিল।

ক’ৰ’নাত আক্ৰান্ত হোৱা অন্য পাঁচগৰাকী খেলুৱৈ হ’ল অধিনায়ক মনপ্ৰীত সিং, ডিফেণ্ডাৰ সুৰেন্দৰ কুমাৰ আৰু জছকৰণ সিং, বৰুণ কুমাৰ আৰু গ’লকীপাৰ কৃষ্ণ বাহাদুৰ।

চাইয়ে জনোৱা মতে, ‍’১০ আগষ্ট অৰ্থাৎ সোমবাৰে নিশা কৰা পৰীক্ষাত মনদীপ সিঙৰ তেজত অক্সিজেনৰ মাত্ৰা কম পোৱাত লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৰ্তমান মনদীপ সিঙৰ শাৰিৰীক অৱস্থা সুস্থিৰ বুলিও জনায় প্ৰাধিকৰণে।

উল্লেখ্য যে ২৫ বছৰীয়া মনদীপ সিঙে এই পৰ্যন্ত দেশৰ হৈ ১২৯ খন মেচত অংশ লৈ ৬০টা গ’ল দিবলৈ সক্ষম হৈছে।