NORTHEAST NOW (Assamese)
Popular Stories

তেলেংগানাৰ মুখ্য মন্ত্ৰীৰ আদেশ; ৩ মে’ নহয় ৭ মে’লৈকে থাকিব লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 10:42 pm
8b7bb3db1a258b21687c21a84abf34be

ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰাজ্যত ৭ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে Zomato আৰু Swiggy ৰ দৰে খাদ্য ডেলিভাৰি সেৱা সমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

জানিব পৰা মতে, দিল্লীত খাদ্য ডেলিভাৰি কৰা এজন লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ ফলত ৭২ টা পৰিয়ালক কোৱাৰেণ্টাইন কৰা হৈছিল। অনুৰুপ ঘটনা যাতে তেলেংগানাত নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্য মন্ত্ৰী গৰাকীয়ে ৭ মে’লৈকে ৰাজ্যবাসীক কঠোৰভাৱে লকডাউন পালনৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ এপ্ৰিলত দেশবাশীক সম্বোধন কৰি লকডাউনৰ সময়সীমা ৩ মে’লৈকে বৃদ্ধি কৰিছিল। কিন্তু তেলেংগানাত ক’ৰ’নাৰ সংহাৰ বৃদ্ধি হৈ থকাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেলেংগানাত এই পৰ্যন্ত ৮৪৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৮ গৰাকী লোক মৃত্যুমুখত পৰিছে। আনহাতে ১৮৬ গৰাকী লোক ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা বুলি স্বাস্থ্য বিভাগে জনায়।

ইফালে হায়দৰাবাদ আৰক্ষীৰ ৩৫ বছৰীয়া কনিষ্টবল এগৰাকীৰ দেহত আজি ক’ৰ’না ভাইৰাছ ধৰা পৰে। ইয়াৰ পূৰ্বে অৰ্থাৎ শনিবাৰে তেওঁৰ সহকৰ্মী এজন পজিটিভ পোৱা গৈছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে ৫ এপ্ৰিললৈকে দুয়োগৰাকীয়ে একেলগে চহৰত নিয়োজিত হৈ আছিল।