NORTHEAST NOW (Assamese)
দেশ

২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৪০ হাজাৰৰো অধিক লোক,মৃত্যুৰ হাৰ বহু দেশতকৈ কম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 9:08 am
-Delhi-becomes-Indias-coronavirus-

দেশত বতাহৰ গতিত বিয়পিছে ক’ৰ’ণা ভাইৰাছ।শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই এঘাৰ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

দেশত বৰ্তমান ক’ৰ’ণা মুক্ত ৰোগীৰ শতাংশ হাৰ হৈছে ৬২.৮৬।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে দেওবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

ইতিবাচক কথাটো হ’ল যিটো সময়ত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাৰ দৰে উন্নত দেশত আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ হোৱা বুলি বাতৰি ওলাইছে সেই সেই সময়ত পিছে ভাৰতবৰ্ষত আই চি ইউত ভৰ্তি কৰোৱাবলগীয়া ৰোগীৰ সংখ্যা মাত্ৰ ২ শতাংশ।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৪০হাজাৰ১১৮গৰাকী।২৪ ঘন্টাত মৃত্যু ঘটিছে৬৭৫ গৰাকী লোকৰ।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১১,১৬,৫৯৭ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ২৭,৪৮৭ গৰাকী লোকৰ। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা ভাৰতত আমেৰিকা আৰু ব্ৰাজিলতকৈ কম।

ভাৰতত মৃত্যুৰ হাৰ ২.৫ শতাংশ হোৱাৰ বিপৰীতে আমেৰিকাত৩.৭ আৰু ব্ৰাজিলত ৩.৮।

সমগ্ৰ বিশ্বৰ গড় মৃত্যুৰ হাৰ ৪.৮ শতাংশ।

সেই হিচাপত ভাৰতত মৃত্যুৰ সংখ্যা বহু কমি আছে।