NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: গোলাঘাট জিলা কাৰাগাৰৰ ১৯ গৰাকী আচামীক মুকলি

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া March 29, 2020 10:25 pm

কৰ’না মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বিগত দুটা দিনত গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰ প্ৰক্ৰিয়া চলি থকা ১৯ গৰাকী কাৰাবন্দীক মুকলি কৰি দিছে।

জেল কৰ্তৃপক্ষই শনিবাৰে ১৬ জন আৰু দেওবাৰে তিনিজনক মুকলি কৰি দিয়ে। এইসকলৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে।

এইসকলক মুকলি কৰি দিয়াৰ পিছত বৰ্তমান ২৭৫ গৰাকী কাৰাবন্দী আছে যিসকলৰ মাজৰ পৰা আৰু কিছুসংখ্যকক মুকলি কৰা হ’ব বুলি কাৰাগাৰ অধীক্ষক এম এন শৰ্মাই  জানিবলৈ দিছে।

এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে ০১/২০২০ নম্বৰৰ  লেখ আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰিছিল।

যোৱা ২৩ মাৰ্চত জাৰি কৰা উক্ত নিৰ্দেশনা অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাত বছৰতকৈ কম শাস্তি থকা অপৰাধত কাৰাবন্দী হৈ থকা অপৰাধী সকলক পেৰলত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব এছ কে শৰ্মাৰ সভাপতিত্বত আণ্ডাৰ ট্ৰায়েল ৰিভিউ কমিটিৰ এক সভা অনুষ্ঠিত হয়।

উক্ত সভাত জিলা ন্যায়াধীশ বিভাষ চন্দ্ৰ মোডী, মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণ লাল বৈষ্ণৱ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,অতিৰিক্ত ন্যায়াধীশ খনিন্দ্ৰ দাস, আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব এন কৌৰী আৰু কাৰাগাৰ অধীক্ষক এম এন শৰ্মা উপস্থিত থাকে।

উক্ত সভাত কম শাস্তিৰ অপৰাধত কাৰাবন্দী হৈ থকা ব্যক্তিসকলক জামিননামা অথবা ব্যক্তিগত জামিনত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কাৰাগাৰ অধীক্ষকে লগতে জনাই যে কৰ’নাভাইৰাছ ৰোধৰ বাবে কাৰাগাৰৰ ভিতৰত সজাগতা সৃষ্টি কৰাৰ লগতে নতুন কাৰাবন্দীসকলক আছুতীয়াকৈ ৰখা হৈছে বুলি উল্লেখ কৰে।

তদুপৰি চিকিৎসকৰদ্বাৰা সঘনাই স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দিছে।