NORTHEAST NOW (Assamese)
অসম

বেংকক পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 10:34 pm
Coronavirus: Banking sector declared as public utility service for six months in India

ভাৰত চৰকাৰে বেংকসমূহক অহা ২১ অক্তোবৰলৈকে ছমাহৰ বাবে পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা কৰিছে।

কৰ’নাভাইৰাছ মহামাৰীৰ ফলত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্তৰ অধীনত এই ঘোষণা কৰা হৈছে।

২১ এপ্ৰিলৰ পৰা এই আইনৰ বলৱৎ কৰাৰ ফলত বেংকিং খণ্ডই কোনো ধৰণৰ হৰতাল আদিত বহিব নোৱাৰিব।

এই সন্দৰ্ভত যোৱা ২০ এপ্ৰিলত বিত্তীয় সেৱা বিভাগে জাননী জাৰি কৰিছে আৰু বেংকিং ইণ্ডাষ্ট্ৰিক পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা কৰিছে।

কৰ’নাভাইৰাছ মহামাৰীয়ে অৰ্থনৈতিক কাৰ্য্যকলাপত তীব্ৰ প্ৰভাৱ পেলোৱাৰ বাবে শ্ৰম মন্ত্ৰ্যালয়ে যোৱা ১৭ এপ্ৰিলত এই জাননী জাৰি কৰিছিল।