NORTHEAST NOW (Assamese)
অসম

ভাল খবৰ: বৰপেটাৰ FAAMCHতো সম্পন্ন হ’ব COVID-19 পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 6:00 pm
3590 persons test Covid19 positive in Assam on Wednesday

বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ পৰীক্ষাগাৰক COVID-19 পৰীক্ষাৰ বাবে স্বীকৃতি দিয়া হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সোমবাৰে পৰীক্ষাগাৰটোক এই স্বীকৃতি প্ৰদান কৰে।

এই স্বীকৃতিৰ ফলত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধৰ পৰীক্ষা কৰিব পৰা পৰীক্ষাগাৰ পাঁচটালৈ বৃদ্ধি পালে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।

ইয়াৰ পূৰ্বে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শিলচৰৰ চিকিৎসা মহাবিদ্যালয়কেইখনত COVID-19 পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল।

অসমত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই যদিও দেশৰ প্ৰায়ভাগ ৰাজ্যতে এই ৰোগী চিনাক্ত হৈছে।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। আক্ৰান্ত ২৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে।