NORTHEAST NOW (Assamese)
Popular Stories

মে’ৰ মধ্যভাগলৈ ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩ লাখলৈকে বৃদ্ধি পাব পাৰে !

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 9:14 pm
coron_1584032980_618x347

বৰ্তমানৰ হাৰত যদি ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে অহা মে’ মাহৰ মধ্যভাগলৈ আক্ৰান্তৰ সংখ্যা ১৩ লাখ লৈকে বৃদ্ধি পোৱাৰ আশংকা কৰিছে চিকিৎসা বিজ্ঞানীসকলে।

‘ভাৰতে বৰ্তমানলৈকে আন দেশৰ তুলনাত আক্ৰান্ত লোকৰ সংখ্যা নিয়ন্ত্ৰণ কৰাত সফল হৈছে যদিও এই ক্ষেত্ৰত এক গুৰুতপূৰ্ণ দিশ এতিয়াও বিশেষভাৱে বাদ পৰি আছে, সেয়া হ’ল আক্ৰান্ত হোৱা লোকৰ সঠিক সংখ্যা।‘ COV-IND-19 Study Group-ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ।

এইটো নিৰ্ভৰ কৰে পৰীক্ষাৰ পৰিমাণ, পৰীক্ষাৰ ফলাফলৰ সঠিকতা আৰু ভাইৰাছবিধৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা থকা কিন্তু লক্ষণ দেখা নিদিয়া লোকৰ ওপৰত কিমান হাৰত আৰু কিমান পৰিসৰত পৰীক্ষা কৰা হৈছে তাৰ ওপৰত, প্ৰতিবেদনত লগতে কোৱা হয়।

প্ৰতিবেদনটোত লগতে কয়, ‘ভাৰতত এই পৰ্যন্ত পৰীক্ষা কৰা লোকৰ সংখ্যা তুলনামূলকভাৱে কম।‘

‘ব্যাপকভাৱে পৰীক্ষা নকৰিলে সমূহীয়া সংক্ৰমণৰ পৰিমাণ নিৰ্ণয় কৰাতো অসম্ভৱ।‘ প্ৰতিবেদনটোত কোৱা হয়।