NORTHEAST NOW (Assamese)
Popular Stories

কৰ’নাৰ প্ৰভাৱ; জিঅ’ই মুকলি কৰিলে ‘ৱৰ্ক ফ্ৰম হোম’ ৰিচাৰ্জ প্লেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2020 5:08 pm

ভাৰততো কৰ’না ভাইৰাছে আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে বহু সংখ্যক প্ৰতিষ্ঠানে ইয়াৰ কৰ্মীসকলক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিছে।

ৰিলায়েন্স জিঅ’ই ঘৰৰ পৰা কাম কৰা কৰ্মী সকলৰ বাবে নতুন ‘ৱৰ্ক ফ্ৰম হোম’ প্ৰিপেইড প্লেন লৈ আহিছে।

জিঅ’ৰ নতুন ২৫১ টকাৰ ‘ৱৰ্ক ফ্ৰম হোম’ প্ৰিপেইড প্লানে দৈনিক ২ জিবিকৈ ডাটা ৫১ দিনৰ বাবে আগবঢ়াব।

গ্ৰাহক সকলে ডাটা লিমিট শেষ হোৱাৰ পাছতো ৬৪ কেবিপিএছত ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব।

নতুন ৰিচাৰ্জ প্লেন মুকলি কৰি ৰিলায়েন্স জিঅ’ৰ তৰফৰ পৰা কোৱা হৈছে যে এই ৰিজাৰ্চ প্লেনত কোনোধৰণৰ বিনামূলীয়া এছ এম এছ আৰু ফোন ক’লৰ সুবিধা নাথাকিব কেবল অতিৰিক্ত ডাটা বৃদ্ধিৰ বাবেহে এই প্লান মুকলি কৰা হৈছে।

জিঅ’ ব্যৱহাৰকাৰী সকলে এই প্লানৰ বিষয়ে মাই জিঅ’ এপলৈ অথবা জিঅ’ৰ ৱেবচাইটলৈ গৈ চাব পাৰিব।

বিএছএনএল আৰু এচিএফ ফাইবাৰনেটে ঘৰৰ পৰা কাম কৰিবলগীয়া কৰ্মীসকলৰ বাবে নতুন ৰিচাৰ্জ প্লেনৰ বিষয়ে ঘোষণা কৰাৰ পাছতে জিঅ’ই এই প্লেন মুকলি কৰে।