NORTHEAST NOW (Assamese)
Popular Stories

খোদ চীনা বিজ্ঞানীৰ দাবী : চীনে ইচ্ছাকৃতভাৱে বিয়পাইছিল কৰোনা ভাইৰাছ; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 11:11 am
Le Meng

কৰোনা ভাইৰাছৰ উৎপত্তি আৰু সমগ্ৰ বিশ্বতে এই মাৰাত্মক ভাইৰাছবিধ সম্প্ৰসাৰিত হোৱাক কেন্দ্ৰ কৰি চীনৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ সন্দেহ মৰিষণ শেষ নৌ হওতে পুনৰ এইবাৰ খোদ চীনা বিজ্ঞানীয়ে দাবী কৰিছে যে ইচ্ছাকৃতভাৱে চীনে সমগ্ৰ বিশ্বতে এই ভাইৰাছ বিয়পাইছিল।

লী মেং নামৰ চীনৰ ভাইৰাছ বিষেজ্ঞগৰাকীয়ে এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই দাবী কৰাৰ পিছতে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সাক্ষাৎকাৰটো লী মেঙে দাবী কৰিছিল যে প্ৰচাৰ হৈ থকাৰ দৰে কৰোনা ভাইৰাছ উহানৰ মাংসৰ বজাৰত উৎপত্তি হোৱা নাছিল, এই বিশ্বত্ৰাসী ভাইৰাছ চীনা সৈন্যৰ গৱেষণাগাৰতহে জন্ম কৰা হৈছিল।

“যোৱা জানুৱাৰিতে মই ইউটিউবৰ মাধ্যমেৰে সকলোকে জনাবলৈ চেষ্টা কৰিছিলো যে পিপলছ লিবাৰেশ্যন আৰ্মি(PLA)ৰ গৱেষণাগাৰতেই এই ভাইৰাছ বিধৰ জন্ম। ইচ্ছাকৃতভাৱে ইয়াক বিয়পাই দিয়া হৈছিল। চীন চৰকাৰে এই কথা ভালকৈ জানে।” লী মেঙে কয়।

লী মেঙে দাবী কৰা অনুসৰি প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰি এই মাৰাত্মক ভাইৰাছক জন্ম দিয়া হৈছিল। ইয়াৰ জন্ম দিয়াৰ মূল লক্ষ্যটোৱেই হৈছে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক দুৰ্বল কৰা। মেঙৰ মতে প্ৰতিপক্ষ দেশসমূহৰ চিকিৎসা সেৱাৰ কাঠামো ধ্বংস কৰাৰ উদ্দেশ্যৰে বেইজিঙে এইবোৰ কৰিছিল।

লী মঙে আনকি তেওঁ উত্থাপন কৰা অভিযোগৰ উপযুক্ত তথ্য প্ৰমাণ আছে বুলিও দাবী কৰিছে। আনকি তেওঁ দাবী কৰা মতে তেওঁৰ ওচৰত চোৰাংচোৱা বিভাগৰ তথ্যও আছে। যিবোৰ চীন চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰিব বুলি তেওঁ দাবী কৰিছে।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ লী মঙৰ এই দাবীক ভিত্তিহীন বুলি আখ্যা দি নস্যাৎ কৰিছে।