NORTHEAST NOW (Assamese)
অসম

Coronavirus India Update: দেশত কৰ’নাৰ সংক্ৰমণ, মৃত্যু তথা সক্ৰিয় ৰোগীৰ সংখ্যাত কিহৰ ইংগিত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 1:11 pm
Corona-Mask-750x375

Coronavirus India Update উৎসৱৰ বতৰ চলি থকাৰ সময়ত দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে তৃতীয় ঢৌৰ আশংকাও প্ৰকাশ পাইছিল। কিন্তু স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যত তাৰ কোনো ইংগিত দেখা যোৱা নাই।

ইয়াৰ বিপৰীতে কৰানাৰ সক্ৰিয় ৰোগীৰ সংখ্যা নিম্নগামী হোৱাৰ লগতে সুস্থতাৰ হাৰ বৃদ্ধিয়ে স্বাভাৱিকতে স্বস্তি দিয়াহে দেখা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ৯৮১ জন লোক।

দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৩কোটি ৪০লাখ ৫৩হাজাৰ ৫৭৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১৬৬ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৫হাজাৰ ৯৮০জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ১৭হাজাৰ জন।

Also Read: Death of Cricketer: মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

দেশত মুঠ কৰ’নাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৩ লাখ ৯হাজাৰ ৯৬১জন।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ হাজাৰ ৬৩২জন।

আনহাতে, দেশত এতিয়ালৈকে প্ৰায় ৯কোটি ২৩ লাখ ৭৭ হাজাৰ ৪৫জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮লাখ ৩৬হাজাৰ ১১৮জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

ইপিনে, ভেকচিন প্ৰদানৰ সমান্তৰলকৈ কৰ’না পৰীক্ষাও চলাই যোৱা হৈছে। যোৱা ২৪ ঘন্টাত দেশত মুঠ ৯লাখ ২৩হাজাৰ ৩জনৰ কৰ’না টেষ্ট কৰা হৈছে।

Also Read: Lady Doctor raped জন্মদিনৰ পাৰ্টিত যুৱতী চিকিৎসকক ধৰ্ষণত অভিযুক্ত এইমছৰ জ্যেষ্ঠ চিকিৎসক পলাতক

উৎসৱৰ বতৰ চলি থকাৰ সময়তে সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা তথা সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ ঘটনা যথেষ্ট স্বস্তিদায়ক বুলি বিবেচিত হৈছে।

অৱশ্যে, দেশত কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।