NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছ : ২২ মাৰ্চৰ পৰা ভাৰতত অৱতৰণ কৰিব নোৱাৰিব আন্তৰ্জাতিক বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 8:49 pm
Flight Image

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২২ মাৰ্চৰ পৰা দেশত আন্তৰ্জাতিক যাত্ৰীবাহী বিমান অৱতৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

২২ মাৰ্চৰ পৰা এসপ্তাহ অৰ্থাৎ ৪ এপ্ৰিললৈকে এই নিষেধাজ্ঞা বাহাল থাকিব।

দেশৰ জনসাধৰনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰে ।

ইয়াৰ উপৰি উক্ত বিজ্ঞপ্তিটোৰ জৰিয়তে ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি বা ১০ বছৰ বয়সৰ তলৰ শিশুক ঘৰতে থকাৰ বাবে চৰকাৰে আহ্বান জনাইছে।

আনহাতে ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দিব্যাংগ লোকৰ বাহিৰে ৰাজহুৱা বিমাণ আৰু ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত থকা ৰেহাই মূল্য বাতিল কৰা হ’ব।

জৰূৰীকালীন বা অত্যাৱশকীয় সেৱাত কৰ্মৰতসকলৰ বাহিৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে।