NORTHEAST NOW (Assamese)

খাদ্য আৰু পেকেটৰ দ্বাৰা ক’ৰ’না ভাইৰাছ বিয়পাৰ প্ৰমাণ নাই : বিশ্ব স্বাস্থ্য সংস্থা

August 14, 2020 5:28 pm · এন ই নাও নিউজ

খাদ্য আৰু পেকেটৰ দ্বাৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত হোৱাৰ বৰ্তমানলৈ কোনোধৰণৰ প্ৰমাণ লাভ কৰা হোৱা নাই বুলি বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাই জনসাধাৰণক খাদ্যৰ দ্বাৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ ক্ষেত্ৰত ভয় নাখাবলৈ লগতে কয়।

চীনৰ দুখন চহৰে ব্ৰাজিলৰ পৰা আমদানি কৰা সংৰক্ষিত মুৰ্গিৰ মাংস আৰু পেকেট খাদ্যৰ দ্বাৰা ক’ৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণ হৈছিল বুলি উল্লেখ কৰিছিল।

চীনৰ এই মন্তব্যৰ পাছতে ক’ৰ’না ভাইৰাছৰ অধিক সংক্ৰমণৰ হ’ব পাৰে বুলি বহুতে চিন্তা ব্যক্ত কৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানী মাৰিয়া ভান কেৰকোভে কয় যে, চীনে হাজাৰ হাজাৰ খাদ্যৰ পেকেট পৰীক্ষা কৰিছে আৰু অতি নগন্য সংখ্যকতহে ক’ৰ’না ভাইৰাছৰ উপস্থিতি দেখা পাইছে।

আনহাতে, ব্ৰাজিলৰ কৃষি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এইক্ষেত্ৰত চীনৰ পৰা স্পষ্ট প্ৰমাণ বিচাৰি দাবী জনাইছে।

সমগ্ৰ বিশ্বত ২০.৬৯ কোটি লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৭,৫০,০০০ অধিক লোকৰ জীৱন এই ভাইৰাছ বিধে কাঢ়ি নিছে।

Related News