NORTHEAST NOW (Assamese)
অৰুণাচল

ক’ৰ’নাৰ পৰা বাচিবলৈ বিদেশী পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা অৰুণাচল চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 4:44 pm
ক’ৰ’নাৰ পৰা বাচিবলৈ বিদেশী পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা অৰুণাচল চৰকাৰৰ

দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰাৰ পিছতে চুবুৰীয়া অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনত বিদেশী পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে। ছিকিমৰ পিছতে অৰুণাচল প্ৰদেশ হৈছে নিষেধাজ্ঞা আৰোপ কৰা দ্বিতীয়খন ৰাজ্য।

ৰাজ্যখনলৈ বিদেশৰ পৰা অহা ব্যক্তিয়ে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশ চৰকাৰে অস্থায়ীভাৱে অনপজ্ঞাপত্ৰ Protected Area Permits (PAP) প্ৰদান কৰা বন্ধ ৰাখিছে। দেওবাৰে ৰাজ্যখনৰ এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে বিদেশী পৰ্যটকসকলে Protected Area Permit গ্ৰহণ কৰাটো বাধ্যতামূলক।

পৰৱৰ্তী জাননি প্ৰকাশ নোপোৱালৈকে এই নিষেধাজ্ঞা বাহাল ৰাখিবলৈ অৰুণাচল প্ৰদেশৰ মুখ্য সচিব নৰেশ কুমাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰা সংশ্লিষ্ট কৰ্তৃপকক্ষক নিৰ্দেশ দিছে।

ভাৰতত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যাই ৩৯ চুইছেগৈ। ইয়াৰে ৩ গৰাকী আক্ৰান্ত ক’ৰ’না ভাইৰাছ মুক্ত হৈছে যদিও আৰু ৫ গৰাকীক নতুনকৈ চিনাক্ত কৰা হৈছে।