NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক; প্রধানমন্ত্রীৰ জনতাৰ কাৰ্ফিউৰ প্ৰতি ব্যাপক সঁহাৰি মহানগৰবাসীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 22, 2020 10:03 am

জনতাৰ কাৰ্ফিউত নিজান, নিতাল আৰু নিস্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰ।

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছৰ সংক্রমণে কাল সংহাৰী ৰূপ লোৱাৰ বাবে ভাৰতত এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনগণক পানল কৰিবলৈ আহ্বান  জনাইছিল জনতাৰ কাৰ্ফিউ।

1index
জনশূন্য মহানগৰীৰ ৰাজপথ

আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে পালন কৰিবলগীয়া জনতা কাৰ্ফিউৰ এই  সময়ছোৱাত ঘৰত ভিতৰতে জনসাধাৰণক সোমাই থকাৰ বাবে আহ্বান জনাইছিল প্ৰধান মন্ত্ৰীগৰাকীয়ে।

প্ৰধান মন্ত্ৰী গৰাকীৰ এই আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি জনাই ঘৰতে থকা পৰিলক্ষিত হৈছে মহানগৰবাসীক।

মহানগৰীৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চলসমূহত আজি পুৱাৰ পৰা দেখিবলৈ পোৱা নাই এজনো লোক।

মহানগৰীৰ ৰাজপথ সম্পূৰ্ণ শূণ্য বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। দুই এখন জৰুৰীকালীন বাহনক বাদ কৰি চলা নাই এখনো বাহন। বন্ধ হৈ আছে সমূহ দোকান-পোহাৰ।

প্ৰধান মন্ত্ৰী গৰাকীয়ে দেওবাৰৰ ১৪ ঘণ্টাজোৰা এই কাৰ্ফিউ মানি চলিবলৈ দেশৰ জনতাক আহ্বান জনাইছিল। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা ৯ বজাৰ পাছতো ৰাইজক নিজৰ গৃহৰ ভিতৰতে থাকিবলৈ কালি আহ্বান জনাইছিল।

উল্লেখযোগ্য যে, অহা ২৩ মাৰ্চ অৰ্থাৎ সোমবাৰে ৰাজ্যৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে অসম চেম্বাৰ অৱ কমাৰ্চে আহ্বান জনাইছে।