NORTHEAST NOW (Assamese)
অসম

মুম্বাই পালেহি আফ্ৰিকাৰ নতুন কোভিড প্ৰজাতি, বিমোৰত স্বাস্থ্য বিজ্ঞানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 11:18 am
a giti

ব্ৰিটেইনত কোভিডৰ নতুন ষ্ট্ৰেইন ধৰা পৰাৰ পিছতে চিন্তিত হৈ পৰিছিল বিশ্বৰ বিজ্ঞানীসকল।

কাৰণ ক’ৰ’ণাৰ নতুন প্ৰজাতি বিধ পূৰ্বৰ কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ বুলি প্ৰমাণ হৈছে।

এই নতুন প্ৰজাতিৰ কোভিডে কম বয়সৰ ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰে বুলিও প্ৰমাণ পোৱা গৈছে।

এনে সময়তে দক্ষিণ আফ্ৰিকাত সৃষ্টি হোৱা কোভিডৰ আন এক প্ৰজাতিৰ সন্ধান পোৱা গৈছে মায়ানগৰী মুম্বাইত।

মুম্বাইত ধৰা পৰা কোভিডৰ নতুন প্ৰজাতিয়ে তিনিটাকৈ এণ্টিবডিক বিপথে পৰিচালিত কৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

মুম্বাইৰ খাৰগড়ৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি জন লোকৰ দেহত পোৱা গৈছে আফ্ৰিকাৰ কোভিড প্ৰজাতিৰ।

বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাৰ এই কোভিড প্ৰজাতিৰ সৈতে আফ্ৰিকাৰে  আন এবিধ অতিমাৰী সৃষ্টিকাৰী E484K ভাইৰাছৰ সৈতে মিল থকা বুলি মন্তব্য কৰিছে।

মুম্বাইৰ টাটা মেম’ৰিয়েলৰ গৱেষক নিখিল পটকৰে প্ৰকাশ কৰা মতে E484K প্ৰজাতিৰ ভাইৰাছৰ বিৰুদ্ধে ভেকচিনে কিমান কাম কৰিব সেয়াহে সন্দেহৰ বিষয় হৈ পৰিছে।

উল্লেখ্য এতিয়ালৈকৈ কোভিডৰ পাঁচটা প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

কোভিডৰ এনে নতুন নতুন প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে স্বাস্থ্য বিজ্ঞানীসকলক।ঠাই আৰু পৰিবেশ ভেদে ক’ৰ’ণা ভাইৰাছে দ্ৰুত ভাবে সলাই গৈছে ইয়াৰ চৰিত্ৰ।