NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছৰ আতংক; মাস্ক পিন্ধি পৰীক্ষা দিয়াৰ অনুমতি CBSE-ৰ

March 6, 2020 9:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে চেণ্ট্ৰেল ব’ৰ্ড অব চেক’ণ্ডাৰি এডুকেশ্যন (চি বি এছ ই)য়েও লৈছে পদক্ষেপ।

দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পৰীক্ষা দিবলৈ আহোতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ লগত লৈ আহিব পাৰিব। বুধবাৰে এই ঘোষণা কৰিছে চি বি এছ ইয়ে।

‘পৰীক্ষাৰ্থীসকলে মুখত পিন্ধা মাস্ক আৰু চেনিটাইজাৰ পৰীক্ষা কেন্দ্ৰলৈ আনিব পাৰিব’, চি বি এছ ই সচিব অনুৰাগ ট্ৰিপাঠীয়ে এই কথা জনাইছে।

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা যোৱা ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈছে আৰু ২০ মাৰ্চত ইয়াৰ অন্ত পৰিব।

উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ ভাৰতত প্ৰৱেশ ঘটাৰ পিছৰে পৰা লোকসকলৰ মাজত এক শংকাৰ সৃষ্টি হৈছে।

Related News