NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না আতংক; গোৱালপাৰাৰ মাটিয়া চিকিৎসালয়ত ভৰ্তি জাপানৰ পৰ্যটকক

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা March 18, 2020 10:18 am
FB_IMG_1584469904198

বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’নাক লৈ ৰাজ্যৰ চৌপাশে আতংকময় পৰিবেশ। ৰাজ্যত এতিয়ালৈ ক’ৰ’নাত কোনো লোক আক্ৰান্ত হোৱাৰ খবৰ নাই যদিও ৰাইজৰ মাজত প্ৰশমিত হোৱা নাই আতংক।

এই আতংকৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াত জাপানৰ এজন পৰ্যটকক পৰ্যবেক্ষণ কৰাৰ বাবে মাটিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে চাইকেলেৰে ভাৰত ভ্ৰমণলৈ অহা জাপানৰ ফুজিমটো তাত চহিকো নামৰ পৰ্যটক গৰাকীক স্থানীয় লোকে মাটিয়া অঞ্চলত দেখা পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে নিশাটো থানাতে ৰাখি ৰাতিপুৱা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি মাটিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।

ইফালে মাটিয়া আদৰ্শ চিকিৎসালয়ৰ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে জাপানৰ পৰ্যটক গৰাকীৰ গাত ক’ৰ’নাৰ কোনো লক্ষণ দেখা পোৱা নাই আৰু সম্পূৰ্ণ সুস্থ বুলি জনাইছে।

পৰ্যটক গৰাকীৰ গাত ক’ৰ’নাৰ কোনো লক্ষণ নাই যদিও অহা পাঁচ দিনলৈ পৰ্যটক গৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণৰ মাজত ৰখা হ’ব বুলি চিকিৎসালয়ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, এই গৰাকী পৰ্যটক যোৱা ডিচেম্বৰ মাহত জাপানৰ ট’কিঅ’ৰ পৰা ৰাওনা হৈছিল আৰু যোৱা ২৪ ফেব্ৰুৱাৰিত ভাৰতত উপস্থিত হৈছিল।

এতিয়ালৈকে জাপানীজ পৰ্যটক গৰাকীয়ে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিছে আৰু অসমৰ পৰা পশ্চিমবংগলৈ গৈ থকাৰ সময়তে তেখেতক নিৰীক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পাঁচ দিন পিছত পৰ্যটকগৰাকীক যাবলৈ দিব আৰু অহা জুলাই মাহত পৰ্যটক গৰাকী ভাৰত ভ্ৰমণ সামৰি জাপানলৈ উভতি যাব।