NORTHEAST NOW (Assamese)
অসম

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 16, 2021 8:47 pm
IMG-20210116-WA0054

আজি সমগ্ৰ দেশৰ লগতে বোকাখতো ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷

বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আজি প্ৰথম ক’ৰ’ণা অতিমাৰিৰ প্ৰতিষেধক প্ৰদান কৰা হয়৷

বোকাখাতত কভিড১৯ৰ প্ৰথমটো প্ৰতিষেধক চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক মিলন লস্কৰক প্ৰদান কৰা হয়৷

বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে চিকিৎসক মিলন কুমাৰ লস্কৰক গামোচা পিন্ধাই কাৰ্যসূচী আৰম্ভ কৰে৷

বোকাখাতৰ অসামৰিক চিকিৎসালয়ত প্ৰথম পৰ্যায়ত ১০০জন স্বাস্থ্য কৰ্মীক সামৰি ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী লোৱা হৈছে।

আজি ক’ভিড১৯ৰ প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰি চিকিৎসক ডাঃ মিলন লস্কৰে সকলোকে নিৰ্ভয়ে এই প্ৰতিষেধক ল’বলৈ বাবে আহ্বান জনায়।

আজি দিনটোত বোকাখাতত মুঠ ৬৭ জন স্বাস্থ্যকৰ্মীক কভিড১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয়। বাকী থকা স্বাস্থ্য কৰ্মীসকলক সোমবাৰে ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি বোকাখাতৰ ব্ল’ক প্ৰ’গ্ৰেম মেনেজাৰ দিবাকৰ হতীবৰুৱাই জনায়৷

উল্লেখ্য যে ক’ভিড১৯ৰ বিশ্ব ত্ৰাসৰ সময়ত বোকাখাত মহকুমাত ক’ভিড১৯ত আক্ৰান্ত হৈ ৩০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,০৬৯ জন লোক আক্ৰান্ত হৈছিল।