NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত ভাগ নলয় মল্লযোদ্ধা বিনেশ ফোগাতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 11:10 am

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ একমাত্র মহিলা মল্লযোদ্ধা বিনেশ ফোগাতে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লৈছে৷

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণ কিছু পৰিমানে কমা বাবে সর্বভাৰতীয় মল্লযুঁজ সন্থাই এক ছেপ্টেম্বৰৰ পৰা মহিলাৰ বাবে লক্ষ্ণৌ আৰু পুৰুষৰ বাবে সোণপটত শিবিৰৰ আয়োজন কৰিছিল৷

নিজৰ স্বাস্থ্যক লৈ অত্যন্ত সজাগ বিনেশে কয়, ‘মই শিবিৰলৈ নাযাওঁ৷ প্রশিক্ষক ওম প্রকাশৰ অধীনত মই প্রতিদিনেই অনুশীলন চলাই গৈছোঁ, যিটো মোৰ প্রশিক্ষক ওলাৰ একোছে প্রতি সপ্তাহতে মোৰ বাবে নির্ণয় কৰে৷ এই পৰিস্থিতিত লক্ষ্ণৌলৈ যোৱাটো সঠিক নহয়’।

লক্ষ্ণৌৰ ‘ছাই কেন্দ্র’ত হ’ব লগীয়া প্রশিক্ষণৰ সময়ছোৱাত নিজৰ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে বাহিৰলৈ ওলোৱাত বাধা আছে বাবেই এছিয়ান গেমছৰ স্বর্ণজয়ী বিনেশে শিবিৰত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লয় বুলি প্রকাশ৷

২০০৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা বিনেশৰ এই সিদ্ধান্তক ভাৰতীয় মল্লযুঁজ সন্থাই সহজভাৱে ল’ব পৰা নাই।

বিনেশৰ এই সিদ্ধান্তৰ বিষয়ে মল্লযুঞজ সন্থাৰ সহকাৰী সম্পাদক বিনোদ টোমৰে কয়, ‍‘বিনেশক মাফ কৰা হ’ব নে নাই সেই বিষয়ে নিৰ্বাচক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব’।