NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত দলং সংযোগী পথ নিৰ্মাণত দুৰ্নীতি :  বিষয়া, ঠিকাদাৰৰ বিৰুদ্ধে সাংবাদিকৰ এজাহাৰ দাখিল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 8, 2019 6:25 pm
corruption on road construction

শিৱসাগৰ জিলাৰ আখৈফুটীয়া ঘাটৰ আখৈফুটীয়া আৰু চৰগুৱা সংলগ্ন পকী দলঙৰ দুয়োকাষৰ সংযোগী পথছোৱা অতি নিম্ন মানৰ হোৱাৰ বাবে পথটোত নিৰ্মানৰ কিছুদিন পাছতে ফাট মেলিছে। নিম্নমানৰ এনে পথ নিৰ্মানৰ বিৰোধিতাৰে  গড়কাপ্তানি বিভাগৰ বিষয়া আৰু এছ এছ ইঞ্জিনিয়াৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ডিমৌ থানাত  এজাহাৰ দাখিল কৰিছে সাংবাদিক যদুমণি বড়াই।

উল্লেখযোগ্য যে, গড়কাপ্তানি বিভাগৰ নাজিৰা ৰাজ্যিক পথ সংমণ্ডল বিভাগে এছ এছ ইঞ্জিনিয়াৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ জৰিয়তে চাৰি কোটিতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে দিচাং নদীৰ ওপৰত  আখৈফুটীয়া আৰু চৰগুৱা সংযোগী এখন পকী দলং নিৰ্মাণ কৰিছে। কিন্ত গড়কাপ্তানি বিভাগে দলংখন সৰ্বসাধাৰণ ৰাইজৰ বাবে আনুষ্ঠাননক ভাৱে মুকলি কৰি দিয়াৰ প্ৰাকক্ষণত দলংখনৰ সংলগ্ন পকী পথ চোৱাত ফাট মেলা পৰিলক্ষিত হয়।

তদুপৰি, পকী পথচোৱাৰ এই ফাট আহি আহি দলংখনৰ একেবাৰে কাষলৈ সম্প্ৰসাৰিত হোৱা দৃষ্টিগোচৰ হয় স্থানীয় ৰাইজৰ। গড়কপ্তানি বিভাগৰ  নাজিৰাস্থিত ৰাজ্যিক পথ সংমণ্ডল তথা দলং আৰু সন্মুখৰ পথ নিৰ্মাণৰ তদাৰক কৰা বিভাগটোৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান এছ এছ ইঞ্জিনিয়াৰৰ লগত জড়িত ঠিকাদাৰ সকলৰ চুড়ান্ত দুৰ্নীতিৰ বাবেই সম্প্ৰতি পথচোৱা খহি গৈ দলংখনলৈ ভাবুকি কঢ়িয়াই আনিছে।