NORTHEAST NOW (Assamese)

কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা; ১৫ জুলাইৰ পৰা আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে

July 16, 2020 2:33 pm · দীপজ্যোতি শৰ্মা

কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে ৷

১৫ জুলাইৰ পৰা ২৫ জুলাইৰ সন্ধিয়া ৭ বজালৈ শিক্ষাৰ্থীসকলে নামভৰ্তিৰ আবেদন জমা কৰিব পাৰিব ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।

কৰ’না ভাইৰাচৰ এই জটিল সন্ধিক্ষণৰ বাবে অনলাইন যোগে হব এই নামভৰ্তিৰ প্ৰক্ৰিয়া ৷

www.cottonuniversity.ac.in ৱেৱচাইটৰ জৰিয়তে ১৫ জুলাইৰ পৰা অনলনাইনযোগে শিক্ষাৰ্থীসকলে আৱেদন কৰিব পাৰিব৷

ইপিনে, ৩০ জুলাইত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৱেৱচাইটত প্ৰকাশ কৰিব মেধাৰ তালিকা। অনলাইনযোগে আবেদন কৰাৰ বাবে শিক্ষাৰ্থীসকলে কোনো মাছুল প্ৰদান কৰিব নালাগে ৷

আনহাতে, ছেবাৰ অন্বেষণ নামৰ পৰ্টেলটোৰ জৰিয়তেও ২০ জুনৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে ৷

সেইসকল শিক্ষাৰ্থীয়ে এই ৱেবচাইটযোগে আবেদন জনাব নালাগে বুলি জাননী খনত স্পষ্ট কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইফালে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে ৩২০ খন আসনৰ লগতে কলা শাখাত ১২০ খন আসন  থাকিব ৷ সেইদৰে, বিশেষভাবে সক্ষম ব্যক্তিৰ বাবে ৩ শতাংশ আসন সংৰক্ষিত থাকিব ৷

Related News