NORTHEAST NOW (Assamese)
অসম

কটন বিশ্ব বিদ্যালয়ৰ উঃ মাঃ প্ৰথম বৰ্ষৰ কলা-বিজ্ঞান শাখাত নাম ভৰ্তিৰ দিন ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 4:52 pm
Cotton-University-750x375

ঐতিহ্যমণ্ডিত কটন বিশ্ব বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত নাম ভৰ্তিৰ দিন ঘোষণা কৰা হৈছে।

বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীত প্ৰকাশ পোৱা অনুসৰি ১০ আৰু ১১ আগষ্টত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত নাম ভৰ্তি কৰা হ’ব।

কটন বিশ্ব বিদ্যালয়ৰ ৱেবছাইটৰ জৰিয়তে অনলাইন যোগে হ’বলগীয়া এই নাম ভৰ্তি পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ চলিব।

অনলাইন যোগে হ’বলগীয়া নাম ভৰ্তিৰ পিছত শ্ৰেণী আৰম্ভ হোৱাৰ সময়ত শিক্ষাৰ্থীয়ে তেওঁলোকৰ যাৱতীয় সকলো নথি-পত্ৰ সমূহ কৰ্তৃপক্ষক দেখুৱাব লাগিব।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত দ্বিতীয় পৰ্যায়ৰ নাম ভৰ্তিৰ দিন কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত ঘোষণা কৰিব।

একেদৰে আন পৰ্যায়ৰ নাম ভৰ্তিৰ দিনো পৰ্যায়ক্ৰমে ঘোষণা কৰা হ’ব বুলি বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

আসনৰ সংৰক্ষণ সম্পৰ্কীয় ঘোষণা কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত জাননীৰ জৰিয়তে প্ৰকাশ কৰিব।

নামভৰ্তিৰ সৈতে জৰিত বিষয়,মাচুল আদিৰ বিষয়ে জানিবলৈ কটন বিশ্ব বিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in. যোগাযোগ কৰিব পৰা যাব।