NORTHEAST NOW (Assamese)
অসম

কটন ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত

Posted by: অনিৰ্বাণ পাঠক October 5, 2018 11:23 pm
CottonStudent

কাইলৈ, অৰ্থাৎ ৬ অক্তোবৰত অনুষ্ঠিত হ’ব লগীয়া কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন ছাত্ৰ আৰু আন এজন সমৰ্থক ছাত্ৰক কোনো লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে। এই ঘটনাই কটন বিশ্ববিদ্যালয়ত উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিছে।

আহত ছাত্ৰ দুজন হ’ল ক্ৰমে ত্ৰিনয়ন বৰুৱা আৰু নৱজিত দত্ত। নৱজিত দত্ত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ত্ৰিনয়ন বৰুৱা সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ দায়িত্বত আছিল। ত্ৰিনয়ন বৰুৱায়ো যোৱা বছৰৰ ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ জিকা নাছিল।

আনহাতে ছাত্ৰ দুজন বিশ্ববিদ্যালয়খনৰ সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ আৱাসী বুলি জানিব পৰা গৈছে।

কোনে ছাত্ৰ দুজনক এইদৰে আক্ৰমণ কৰে সেই কথা এতিয়ালৈকে নিশ্চিত হ’ব পৰা নাই। জানিব পৰা মতে নিশাৰ ভাগত চিৰিয়াখানাৰ ওচৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োকে। সম্প্ৰতি গুৰুতৰভাৱে আহত দুয়োকে নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে কাইলৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ  নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৮টা পদৰ বিপৰীতে মুঠ ৫১জন ছাত্ৰ-ছাত্ৰীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে দুটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।