NORTHEAST NOW (Assamese)
Popular Stories

অসমত নোৱাৰিলে! এইবাৰ ২ বছৰৰ ভিতৰত দিল্লীক বাংলাদেশীমুক্ত কৰাৰ দাবী অমিত শ্বাহৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2025 3:05 pm

আৰু কিছুদিনৰ পাছত ভাৰতৰ ৰাজধানী দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। অহা মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ মূল যুঁজখন ৰাজ্যৰ বৰ্তমানৰ শাসকীয় দল আম আদমী পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত হব।

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি দিল্লীৰ ৰাজনীতি আকৰ্ষণীয় হৈ পৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে বিজেপিয়ে নিৰ্বাচনত জয়ী হলে ২ বছৰৰ ভিতৰত দিল্লী বাংলাদেশীৰ পৰা মুক্ত হব।

তদুপৰি বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনক লৈ অভিযোগ উত্থাপন কৰি কয় যে অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়াৰ ভোটৰ ভিত্তিত এতিয়ালৈকে আম আদমী পাৰ্টিয়ে নিৰ্বাচনত জয়লাভ কৰিছে। এই তথ্য সংবাদ সংস্থা পিটিআই আৰু দ্য হিন্দু কাকতে দেওবাৰে নিশা (২৬ জানুৱাৰী) পৃথক পৃথক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে, অসমৰ পৰা বিদেশী খেদাত সম্পূৰ্ণ ৰূপে বিফল অমিত শ্বাহে কিদৰে প্ৰকৃততে দিল্লীক দুবছৰত বাংলাদেশীমুক্ত কৰিব? বিজেপিৰ ওচৰত যদি প্ৰকৃততে কোনো বিদেশী বিতাড়নৰ পৰিকল্পনা আছে তেন্তে ৰূপায়ন নকৰে কিয়? নে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত অসমবাসীৰ দৰে দিল্লীবাসীকো মাত্ৰ দিছে ল’লীপপ!