NORTHEAST NOW (Assamese)
অসম

মোদি চৰকাৰৰ আমোলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিপৰ্য্যস্ত হৈ পৰিছে : কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য

Posted by: কাজি জেইদুল ইছলাম September 9, 2018 10:03 pm
Congress press meet

মোদি চৰকাৰৰ আমোলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিপৰ্য্যস্ত হৈ পৰিছে, এই অভিযোগ কৰে অসম ৰাজ্যিক কংগ্ৰেছ দলৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই। প্ৰতি ডলাৰৰ মূল্য ৭২ টকা হোৱাটো দেশৰ অৰ্থনীতিৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী বুলি মন্তব্য কৰি তেওঁ কয় যে মোদি চৰকাৰৰ আমোলত লোৱা বিমুদ্ৰাকৰণ, জি এছ টি আদি পদক্ষেপে দেশখনক অৰ্থনৈতিক ভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে।

আজি বিশ্বনাথ চাৰিআলিৰ ৰাজীৱ ভৱনত বিশ্বনাথ জিলা কংগেছৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে লগতে মোদী চৰকাৰে ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ নামত প্ৰায় ৪১ হাজাৰ কোটি টকাৰ অপচয় কৰিছে বুলি অভিযোগ কৰে। মোডী চৰকাৰে ইচ্ছাকৃতভাৱে ৩৬ খন ৰাফেল বিমানৰ ক্ৰয় মূল্য প্ৰকাশ কৰা নাই বুলি অভিযোগ কৰি প্ৰতিৰক্ষা কেবিনেট কমিটিৰ পৰা অনুমোদন নোলোৱাকৈ ক্ৰয় কৰা এই যুদ্ধ বিমানৰ প্ৰকৃত মূল্য প্ৰকাশ কৰিবলৈ তেওঁ দাবী জনায়।

তদুপৰি তেওঁ ২০১২ চনৰ ১২ ডিচেম্বৰত ৫২৬.১০ কোটি টকাৰ ৰাফেল যুদ্ধ বিমানৰ মূল্য মোদি চৰকাৰৰ দিনত ১৬৭০.৭০ কোটি টকা কেনেকৈ হ’লগৈ বুলিও তেওঁ প্ৰশ্ন কৰে।

আনহাতে,পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে অসমত কংগ্ৰেছৰ বাহিৰে আৰু কোনো দলেই পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস কৰা নাই। পঞ্চায়ত নিৰ্বাচনত এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছে  মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধাত তেওঁ চিধাই ইয়াক অস্বীকাৰ কৰি বিজেপি আৰু এ আই য়ু ডি এফক কংগ্ৰেছে একেটা শাৰীতে ৰাখে বুলি মন্তব্য কৰে।

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, ৰাজ্যিক সদস্য নীলমণি শৰ্মাৰ লগতে দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত নেতা গৰাকীয়ে ১০ ছেপ্তেম্বৰত কংগ্ৰেছে দিয়া ভাৰত বন্ধ সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।