NORTHEAST NOW (Assamese)
অসম

চামগুৰিত নকল সোণৰ যীশুৰ মূৰ্তিৰ বিনিময়ত ১৫ লাখ টকা সৰকোৱা দম্পতীক গ্ৰেপ্তাৰ

Posted by: বিদ্যুত জ্যোতি বৰা October 8, 2018 8:59 pm
b7f7cfa4-8708-4e63-b443-a807ca66ad0f

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিৱস্থানত দুই কেজি ওজনৰ নকল সোণৰ যীশুৰ মূৰ্তি বিক্ৰী কৰাৰ অপৰাধত আৰক্ষীয়ে অভিযান চলাই দম্পতিক আটক কৰি সম্প্ৰতি চামগুৰি থানাত জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিৱস্থানত যোৱা ৬ অক্টোবৰত দিল্লীৰ দম্পতীয়ে ১৫ লাখ টকাৰে দুই কেজি ওজনৰ এটা যীশুৰ মূৰ্তি  কিনিছিল। ইয়াৰ পাছতে গুৱাহাটীত গৈ মূৰ্তিটো পৰীক্ষা কৰি ছোৱাত পিতলৰ বুলি প্ৰমাণ হোৱাত দম্পতি হালে দেওবাৰে নিশা চামগুৰি থানাত এখন এজাহাৰ দাখিল কৰে।

গোচৰ ৰুজু হোৱাৰ পাছতে চামগুৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই কালি নিশাই শিৱস্থানৰ পৰা চামছুল আলম (৫০) আৰু তেওঁৰ পত্নী মফিদা খাতুনক (৩৭) আটক কৰে।

ইফালে আৰক্ষীৰ জেৰাত অভিযুক্ত দুগৰাকীয়ে লখিমপুৰৰ ৰমজান আলী নামৰ এজন প্ৰবঞ্চকে দিল্লীৰ দম্পতীক ১৫ লাখ টকাত সোণৰ বুলি কৈ যীশুৰ মূৰ্তিটো বিক্ৰী কৰি টকাখিনি লৈ উধাও হয় বুলি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে লখিমপুৰৰ ৰমজান আলী নামৰ ঠগ প্ৰবঞ্চকজন চামছুল আলমৰ সম্পৰ্কীয় হোৱাৰ লগতে মিছা আৰ্মি কেম্পত ভাৰতীয় সেনাবাহিনীত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা দিল্লীৰ মহেন্দ্ৰ প্ৰসাদ নামৰ লোকজনে কিনা সোণৰ মূৰ্তিটো আৰক্ষীয়ে জব্দ কৰে বুলি  জানিব পৰা গৈছে।