NORTHEAST NOW (Assamese)

বোকাখাতত গঁড়ৰ খৰ্গৰে সৈতে স্বামী-স্ত্ৰীক আটক

October 6, 2020 8:06 pm · উত্তম শইকীয়া

গোলাঘাট জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰাৰ নেতৃত্বত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাৰ সহযোগত চলোৱা এক অভিযানত বোকাখাতৰ ৩নং দ গাওঁৰ উৰুকা পেগুৰ বাসগৃহৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে৷

গোপন সূত্ৰৰ আধাৰত আৰক্ষীয়ে চলোৱা অভিযানত নিজৰ বাসগৃহতে সংগোপনে থোৱা গঁড়ৰ খৰ্গটো উৰুকা পেগুৰ পৰিবাৰ কুনকুনী পেগুয়ে আৰক্ষীক উলিয়াই দিয়ে৷

অভিযানকাৰী দলে গঁড়ৰ খৰ্গসহ উৰুকা পেগু আৰু কুনকুনী পেগুক আটক কৰে৷

উল্লেখ্য যে গঁড়ৰ খৰ্গটো বিক্ৰী কৰিবৰ বাবে অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে দম্পতীহালে৷

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে৷

ইফালে গঁড়ৰ খৰ্গৰে সৈতে উৰুকা পেগু আৰু কুনকুনী পেগুক বন বিভাগৰ হাতত অৰ্পণ কৰিব বুলি জনায় বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াই৷

Related News