NORTHEAST NOW (Assamese)
Popular Stories

আজৱ মন, আজৱ কায়দা! বিমানৰ শৌচাগাৰতে সংগমৰত অৱস্থাত ধৰা পৰিল দুই যাত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2023 10:39 am
Couple Caught Having Sex Inside Flight Toilet

ব্ৰিটেইনৰ লুটনৰ পৰা ইবিজা অভিমুখী এখন বিমান। ইজিজেটৰ এই বিমানখনৰ এক ঘটনা এতিয়া বিশ্বজুৰি চৰ্চিত। বিমানখনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নেট দুনীয়াত চাঞ্চল্য সৃষ্টি কৰা এই ভিডিঅ’টোত দেখা গৈছে বিমানৰ শৌচাগাৰতে যৌন সংগমৰত দুগৰাকী যাত্ৰীক। বিমানৰ এগৰাকী কৰ্মচাৰীয়ে শৌচাগাৰৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে অসংযত অৱস্থাত ধৰা পৰে সংগমৰত দম্পতীহাল।

দুৱাৰ খোলাৰ লগে লগে দুই যাত্ৰীক এনে অৱস্থাত দেখি হতবাক হৈ পৰে বিমানৰ আন যাত্ৰীসকল আৰু আচৰিত হৈ চিঞৰি উঠে। মুহূৰ্ততে হোৱা এনে ঘটনাত সংগমৰত পুৰুষগৰাকী অস্বস্তিত পৰে আৰু দ্ৰুততাৰে দুৱাৰখন বন্ধ কৰি দিয়ে।

পিছে দৰ্জা বন্ধ হোৱাৰ পূৰ্বেই এই দৃশ্য বন্দী হয় বিমানৰ কোনো যাত্ৰীৰ কেমেৰাত। প্ৰকাশিত খবৰ অনুসৰি, ইবিজাত বিমানখন অৱতৰণ কৰাৰ পিছতে আৰক্ষীয়ে দম্পতীহালক বিমানখনৰ পৰা আটক কৰে।

আনহাতে ইজিজেটৰ এখন বিমানত এই কাণ্ড সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে প্ৰতিষ্ঠানটোৱে। বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰৰ ভাষ্য মতে যোৱা ৮ ছেপ্টেম্বৰত এই ঘটনা সংঘটিত হৈছিল।

দুই যাত্ৰীৰ এনে অসংযত আচৰণৰ বিষয়ে লগে লগে আৰক্ষীক অৱগত কৰা হয় আৰু বিমান অৱতৰণৰ পিছতে যাত্ৰী দুগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। অৱশ্যে এতিয়ালৈকে দম্পতীহালক গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ব্ৰিটেইনৰ যৌন অপৰাধ আইন ২০০৪ৰ ধাৰা ৭১ৰ অধীনত ৰাজহুৱা শৌচালয় বা স্নানাগাৰত ইচ্ছাকৃতভাৱে যৌন কাৰ্যকলাপত লিপ্ত হোৱাটো অপৰাধ বুলি গণ্য কৰা হয়। সেই অনুসৰি দম্পতীহাল আইনী গোচৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।