NORTHEAST NOW (Assamese)
Popular Stories

অনন্য ৰূপত ভেলেণ্টাইন ডে’ৰ উদযাপন: পানীৰ তলত চুম্বনেৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে দম্পতীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2023 9:12 pm
Couple kisses under water

বিশ্বজুৰি আজি উদযাপিত হ’ল প্ৰেমৰ দিন ভেলেণ্টাইন ডে’। প্ৰেমৰ এই বিশেষ দিনটোত প্ৰেমাস্পদসকলে স্মৰণীয় কৰি তুলিছে নিজৰ প্ৰেমক। পিছে এটি দম্পতীয়ে বিশেষ ৰূপত আজিৰ এই ভেলেণ্টাইন ডে’ উদযাপন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

প্ৰেমৰ দিনটোক অনন্য ৰূপেৰে উদযাপন কৰি এই দম্পতীহালে গঢ়ি তুলিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড। দক্ষিণ আফ্ৰিকান দম্পতী বেথ নীল আৰু মাইলছ ক্লাউটিয়ে মালদ্বীপৰ এখন হোটেলত এই অভিলেখ গঢ়ি তুলিছে।

দম্পতীহালে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ স্থাপনৰ পথত ১৩ বছৰীয়া অভিলেখ ভংগ কৰে। দুয়ো পানীৰ তলত ৪ মিনিট ৬ ছেকেণ্ড সময় ধৰি চুম্বন কৰি পূৰ্বে ইটালীৰ টিভি শ্ব’ লো শ্ব’ ডেই ৰেকৰ্ডত স্থাপন কৰা ৩ মিনিট ২৪ ছেকেণ্ডৰ অভিলেখ অতিক্ৰম কৰে।

Couple kisses under water on Valentine's Day, sets Guinness World Record -  Longest kiss, but with a twist | The Economic Times

এই অভিলেখৰ লক্ষৰে মালদ্বীপ ভ্ৰমণৰ কেইসপ্তাহমান পূৰ্বৰে পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছিল দম্পতীহালে। অৱশ্যে দুয়ো পেছাগতভাৱে ডুবাৰু আৰু দুয়োজনেই তিনি বছৰ পূৰ্বে এই পৰিকল্পনা কৰিছিল।

কিন্তু পেছাদাৰী হোৱাৰ পিছতো বেথ আৰু মাইলছৰ বাবে এই পৰিকল্পনা ৰূপায়ণ কৰাটো তেওঁলোকে আশা কৰাতকৈ বহুত বেছি প্ৰত্যাহ্বানজনক আছিল বুলি স্বীকাৰ কৰিছে।

Warm ups and trials - Couple kisses under water on Valentine's Day, sets  Guinness World Record | The Economic Times

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ আগত বেথে উল্লেখ কৰা মতে, ৰেকৰ্ডৰ তিনিদিন পূৰ্বে তেওঁ উশাহ বন্ধ কৰি ৰখাত সফল হ’ব পৰা নাছিল। আনহাতে মাইলছৰ ভাষ্য মতে তেওঁলোকে বৰ্তমান গঢ়া অভিলেখৰো কাষ চাপিব পৰা নাছিল এই সময়ছোৱাত।

অৱশেষত আজি এই সকলো প্ৰত্যাহ্বান তথা কঠিনতা নেওচি দুয়ো ইপ্সিত লক্ষ্যত উপনীত হয়। প্ৰেমৰ এই অনন্য উদযাপনেৰে পানীৰ তলত চাৰি মিনিট ধৰি চুম্বনৰত দম্পতীহালক চুইমিং পুলৰ কাষত সমবেত দৰ্শকসকলে হাত চাপৰিৰে অভিবাদন জনায়।