NORTHEAST NOW (Assamese)
Popular Stories

চলন্ত মেট্ৰ’ত আলিংগাবদ্ধ প্ৰেমাষ্পদৰ ওঁঠত ওঁঠ লগাই চুম্বন! চাওক ভাইৰেল ভিডিঅ’

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক September 25, 2023 6:23 pm

এহাল প্ৰেমাষ্পদে হাতত হাত ধৰি ওঁঠত ওঁঠ লগাই চলন্ত মেট্ৰত চুম্বন কৰা কাণ্ডই সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰেমাষ্পদ হালৰ এই চুম্বৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

জানিব পৰা মতে দিল্লীৰ আনন্দ বিহাৰ মেট্ৰষ্টেচনত সংঘটিত হৈছে এই ঘটনা। ভিডিঅটো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে, “আনন্দ বিহাৰ ষ্টেচনত আন এক আৱেগিক ভিডিঅ। হয়তো আমি পাহৰিছো যে প্ৰেম অন্ধ কিন্তু মানুহ অন্ধ নহয়।দিল্লী মেট্ৰৰ হেচটেগেৰে কেপচনত এইদৰে লিখা হৈছে।

উল্লেখ্য যে দিল্লী মেট্ৰত এনে ধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়। কেইমাহমানৰ আগতে দিল্লী মেট্ৰত চুম্বনৰত অৱস্থাত দেখা গৈছিল এহাল প্ৰেমাষ্পদক। পূৰ্বৰ দৰে এইবাৰো ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅটো চাই নেটিজেনসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

 

একাংশই কিছুমানে কয় যে তেওঁলোকে প্ৰেমক হত্যা কৰা নাই। প্ৰেম সদায় নিৰ্মল আৰু বিশুদ্ধ। প্ৰেমাষ্পদ হালে একো গৰ্হিত আৰু ঘৃণনীয় কাম কৰা নাই।

কিন্তু আন একাংশই এই ভিডিঅটো দেখাৰ লগে লগে ক্ষুব্ধ হৈ উঠিছে। তেওঁলোকৰ মতে  ৰাজহুৱা স্থানত এনে কাম কৰাটো সম্পূৰ্ণ অনুচিত।

আন একাংশ নেটিজেনৰ মতে প্ৰেমাষ্পদ হালে স্থান কাল পাত্ৰ আদি চিন্তা কৰিহে চুম্বন কৰিব লাগে।