NORTHEAST NOW (Assamese)
Popular Stories

চাঞ্চল্যকৰ! এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ এহাল দম্পত্তিয়ে বিক্ৰী কৰিলে নিজৰ পুত্ৰসন্তানক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 6:13 pm
চাঞ্চল্যকৰ! এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ এহাল দম্পত্তিয়ে বিক্ৰী কৰিলে নিজৰ পুত্ৰসন্তানক, ক’ত?

এহাল দম্পত্তিয়ে এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ নিজৰ সন্তানক বিক্ৰী কৰি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ কন্নৌজত।

দম্পত্তিহালে তেওঁলোকৰ তিনিমহীয়া পুত্ৰক গুৰশ্বাহগঞ্জৰ নিবাসী এজন ব্যৱসায়ীক বিক্ৰী কৰে।

বিক্ৰী কৰাৰ বিনিময়ত দম্পত্তিহালে লাভ কৰে ১.৫ লাখ টকা।।

বাতৰিমতে, বিষয়টো পোহৰলৈ আহে যেতিয়া শিশুটোৰ মাকৰ ফালৰ ককা-আইতাকে বৃহস্পতিবাৰে আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে।

স্থানীয় তিৰৱা কটৱালী আৰক্ষী থানাৰ ফালৰ পৰা কোৱা হৈছে বিষয়টো সন্দৰ্ভত অভিযুক্ত লোককেইজনক সোধপোচ কৰা হ’ব।

আৰক্ষীয়ে জনোৱমাতে সন্তানটো বিক্ৰী কৰি পোৱা টকাৰে দম্পত্তিহালে এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিছে।