NORTHEAST NOW (Assamese)
অসম

পুনৰ চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 6:10 pm
Jahnabi-Saikia-and-Pranamoy-Rajguru

গুৱাহাটীৰ ১৫ মে’ৰ গ্ৰেণেড বিস্ফোৰণৰ দুই অভিযুক্ত ক্ৰমে আলোচনাৰত আলফা সদস্য প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক আজি পুনৰ আদালতে ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

দহ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ ওকলাত আজি দুয়োজন অভিযুক্তকে পুনৰ আদালতত হাজিৰ কৰোৱাৰ পিছত কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশে এই সিদ্ধান্ত দিয়ে।

উল্লেখ্য যে যোৱা ১৫ মে’ত গুৱাহাটীৰ জু ৰ’ডত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ পিছতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক।

সাতগাঁও আৰক্ষী থানাত ১৪৭/২০১৯ আৰু গীতানগৰ আৰক্ষী থানাত ২১০/২০১৯ নম্বৰত ৰুজু হোৱা গোচৰ দুটাৰ ভিত্তিতে আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল।